Advertisement

গোৱা, মণিপুৰৰ পিছতে সৰ্বাধিক সাক্ষৰতাৰ ৰাজ্য ত্ৰিপুৰা…

ডিজিটেল ডেস্কঃ নানান প্ৰতিবাদৰ মাজতো উজ্বলি উঠিছে ত্ৰিপুৰা। ৰাজনৈতিক কিছু দিশৰ  আৰু বাংলাদেশীৰ সমস্যাৰ সৈতে যুঁজি থকা ৰাজ্যখনৰ শেহতীয়া এক খবৰে আশাৰ সঞ্চাৰ কৰিছে। দেশৰ ভিতৰতে তৃতীয় সৰ্বাধিক সাক্ষৰতাৰ ৰাজ্যৰ হিচাপে স্বীকৃতি লাভ কৰিছে ত্ৰিপুৰাই।

মিজোৰাম আৰু গোৱাৰ পাছতে সাক্ষৰতাৰ ক্ষেত্ৰত এতিয়া তৃতীয় স্থানত আছে ত্ৰিপুৰা। ৰাজ্যখনত বৰ্তমানত সাক্ষৰতাৰ হাৰ ৯৫.৬শতাংশ। ত্ৰিপুৰাৰ শিক্ষা বিভাগে শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য। উল্লেখ কৰা প্ৰয়োজন যে, শিক্ষাৰ লগতে ৰাজ্যখনত অৰ্থনৈতিক দিশতো ব্যাপক পৰিৱৰ্তন আহিছে।

কেন্দ্ৰীয় চৰকাৰেও বহুকেইটা ডাঙৰ প্ৰকল্প আৰম্ভ কৰিছে ত্ৰিপুৰাত। ৰাজ্যখনত ৩৭০০কোটি টকাৰ এক বৃহত বিনিয়োগৰ লক্ষ্যও লৈছে মোডী চৰকাৰে। ভিন্ন ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতো ৰাজ্যখনক লৈ মুখ্যমন্ত্ৰী মানিক সাহাৰ ভিন্ন প্ৰদক্ষেপ আদৰণি জনাইছে সচেতন ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *