Advertisement

মুখ্যমন্ত্ৰীৰ নেতৃত্বত শীর্ষত অসম…

ডিজিটেল ডেস্কঃ দেশৰ আটাইতকৈ দ্ৰুত গতিত বিকশিত ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম। অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত আন এক ঐতিহাসিক সাফল্য। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সদ্য প্ৰকাশিত তথ্য অনুসৰি দেশৰ আটাইতকৈ দ্রুত গতিত বিকশিত ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে অসম।

তথ্য মতে, ২০২০ চনৰ পৰা ২০২৫ চনলৈকে স্থিৰ মূল্যত অসমৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বৃদ্ধি হৈছে প্ৰায় ৪৫ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ২৯ শতাংশতকৈ বহু ওপৰত। এই দ্ৰুত অৰ্থনৈতিক অগ্ৰগতিয়ে অসমৰ অৰ্থনীতিৰ আকাৰ ৩.৪৯ লাখ কোটি টকালৈ উন্নীত কৰিছে।

এই বৃদ্ধিৰ হাৰত অসমে তামিলনাডুৰ ৩৬ শতাংশ আৰু কৰ্ণাটকৰ ৩৯ শতাংশকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে, যি ৰাজ্যখনৰ বিকাশৰ শক্তিশালী দিশ প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য যে, কৃষি, তেল আৰু গেছ লগতে আন্তঃগাঁথনি উন্নয়ন খণ্ডত হোৱা বিনিয়োগ আৰু নীতিগত সংস্কাৰে এই অগ্ৰগতিত মুখ্য ভূমিকা পালন কৰিছে। পথ, দলং, উদ্যোগ, শক্তি আৰু যোগাযোগ ব্যৱস্থাৰ বিস্তাৰে অসমৰ সামগ্ৰিক উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমুখী নীতি আৰু জনকল্যাণমূলক পদক্ষেপে অসমৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *