Advertisement

ঠাণ্ডা দিনত কেনেকৈ যতন ল’ব আপোনাৰ ছাল…

ডিজিটেল ডেস্ক:শীতকালত শুকান আৰু নিৰ্জীৱ ছাল এটা সাধাৰণ সমস্যা। ঠাণ্ডা বতাহে ছালৰ আৰ্দ্ৰতা আঁতৰায়, যাৰ ফলত ওঁঠ-গোৰোহা ফাটে, হাত-ভৰি শুকান হয়। শীতকালক এই সমস্যাৰ পৰা হাত সাৰিবলৈ মানুহে দামী ক্ৰীম আৰু লোচনৰ আশ্ৰয় লয় যদিও সুফল লাভ নকৰে। বজাৰৰ নামী-দামী ক্ৰীম-লোচনত যথেষ্ট পৰিমাণে ৰাসায়নিক পদাৰ্থ থাকে।যিয়ে ছালৰ উপকাৰ কৰাৰ বিপৰীতে অপকাৰহে কৰে। সেয়েহে, শাতকালত ছালখনত সুস্থ কৰি ৰাখিবলৈ আপুনি ঘৰতে তৈয়াৰ কৰা লোচন ছালত ব্যৱহাৰ কৰিব পাৰে। হয়, এই দিনকেইটাত আপুনি ঘৰতে তৈয়াৰ কৰা ভেচেলিন ছালত ব্যৱহাৰ কৰিব পাৰে, যিয়ে ছালখনক ভিতৰত পৰা কোমল-সতেজ কৰি ৰখাত সহায় কৰিব পাৰে।

ভেচেলিন কি আৰু ই কিয় গুৰুত্বপূৰ্ণ ?

ভেচেলিন বা পেট্ৰলিয়াম জেলী হৈছে মম, তেল আৰু গ্লিচাৰিনৰ মিশ্ৰণ। ই ছালত সুৰক্ষামূলক স্তৰ গঠন কৰি আৰ্দ্ৰতা ধৰি ৰাখে। যিয়ে ছালক শুকান হোৱাত বাধা দিয়ে। এই কাৰণেই শীতকালত ভেচেলিনক ছালৰ বাবে যাদুতকৈ কম নহয় বুলি গণ্য কৰা হয়।

ঘৰতে ভেচেলিন তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় উপাদানসমূহ

২ চামুচ নাৰিকল তেল

২ চামুচ মোম

১ চামুচ অলিভ অইল (যদি পোৱা যায়)

১ চামুচ গ্লিচাৰিন।

ভেচেলিন তৈয়াৰ কৰাৰ উপায়

প্ৰথমে কেৰাহীত অলপ পানী গৰম কৰি ল’ব। তাৰ ওপৰত ডুব নোযোৱাকৈ এটা বাতি ৰাখি বাটিটোত নাৰিকল তেল আৰু মম ঢালি দিব। মমখিনি সম্পূৰ্ণ গলি যোৱালৈকে মধ্যমীয়া জুইত সেইখিনি গৰম কৰিব। মিশ্ৰণটো সম্পূৰ্ণ গলিলে জুইৰ পৰা নমাই দিব। এতিয়া অলিভ অইল আৰু গ্লিচাৰিন দি ভালদৰে মিহলাই ল’ব। যদি আপুনি ভেচলিনত কিবা গোন্ধ বিচাৰে, তেন্তে এইখিনিতে ইয়াত কিছু আৱশ্যকীয় তেল দিব পাৰে। প্ৰস্তুত কৰা মিশ্ৰণটো পৰিষ্কাৰ ঢাকনি থকা এটা জাৰ বা পাত্ৰত ঢালি দিব। ২-৩ ঘণ্টা ঠাণ্ডা হ’বলৈ দিব। কিছু সময় হোৱাৰ পাছত ই হুবহু ভেচেলিনৰ দৰে হৈ পৰিব।

ঘৰত তৈয়াৰ কৰা ভেচেলিনৰ উপকাৰিতা

  • গভীৰভাৱে মইশ্ব’ৰাইজ কৰে ছাল।
  • ভাল কৰে ফাটি যোৱা ওঁঠ আৰু গোৰোহা।
  • কোমল কৰে শুকান হাত-ভৰি।
  • ঠাণ্ডা বতাহৰ পৰা ৰক্ষা কৰে ছাল।
  • দীৰ্ঘসময়লৈ বজাই ৰাখে ছালৰ আৰ্দ্ৰতা।

ভেচেলিনক কেনেকৈ অধিক ফলপ্ৰসূ কৰিব পাৰি ?

ইচ্ছা কৰিলে ভেচেলিনত কিছুমান বিশেষ উপাদান আপুনি যোগ কৰি আৰু অধিক ফলপ্ৰসূ কৰি তুলিব পাৰে। সেয়া হৈছে-

ভিটামিন ই: ভেচেলিনত ভিটামিন ই কেপচুল যোগ কৰিলে ৰং কম হয় আৰু ছালৰ মেৰামতি ক্ষিপ্ৰ হয়।

মৌ: যদি আপোনাৰ ছাল অতি শুকান হয়, তেন্তে ভেচেলিনত মৌ দিব। ইয়াৰ ফলত ই কোমল আৰু স্বাস্থ্যকৰ হয়।

চাহ গছৰ তেলঃ তেলীয়া ছালৰ বাবে চাহ গছৰ তেল উৎকৃষ্ট। ই শালমইনা ৰোধ কৰে।

ভিটামিন চি ছিৰাম: উজ্জ্বল ছালৰ বাবে ভিটামিন চি ছিৰাম ভেচেলিনৰ সৈতে মিহলাই ব্যৱহাৰ কৰিব পাৰে।

কেনেকৈ ব্যৱহাৰ কৰিব ?

  • ৰাতি শুবলৈ যোৱাৰ পূৰ্বে ফাটি যোৱা ওঁঠ, হাত, ভৰি, গোৰোহাত ভলদৰে ভেচেলিন লগাব।
  • নিয়মীয়া ব্যৱহাৰ কৰিলে কেইদিনমানৰ ভিতৰতে লক্ষণীয় পাৰ্থক্য দেখা পাব।

উল্লেখ্য যে, ঘৰতে বনোৱা ভেচেলিন সস্তা, নিৰাপদ আৰু অত্যন্ত ফলপ্ৰসূ। এই শীতকালত ইয়াক আপোনাৰ ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিলে আপুনি সহজেই শুকান আৰু নিস্তেজ ছালৰ পৰা মুক্তি পাব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *