Advertisement

২০২৫ত বলিউদৰ কোন কোন চেলিব্ৰেটী হ’ল পিতৃ-মাতৃ…

ডিজিটেল ডেস্ক: জীৱনৰ এক নতুন অধ্যায় ! ২০২৫ চনটো বলীউডৰ বহু তাৰকাৰ বাবে বৰ বিশেষ। কিয়নো, এই বছৰটোতেই আৰম্ভ হয় তেওঁলোকৰ জীৱনৰ এক নতুন অধ্যায়। লাভ কৰিলে নতুন পৰিচয়। হয়, তেওঁলোক এতিয়া একো-একোটা কণমানিৰ অভিভাৱক। পিছে, চলিত বছৰটোত বলীউডৰ কোন-কোন তাৰকাৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য হ’ল জানেনে ?

আঠিয়া শেট্টী-কে এল ৰাহুল

চলিত বৰ্ষৰ প্ৰথমতেই অৰ্থাৎ ২৪ মাৰ্চত সুনীল শেট্টীৰ কন্যা তথ অভিনেত্ৰী আথিয়া শেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুল এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। এই খবৰ তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীক জানিবলৈ দিছিল।

images (1)

পিছত, কে এল ৰাহুলে এখন বিশেষ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কণমানিজনীৰ নাম ৰাজহুৱা কৰে। আথিয়া আৰু ৰাহুলে তেওঁলোকৰ কন্যা শিশুটিক ধৰি থকা ফটোখনত ৰাহুলে লেখিছে, ‘আমাৰ কন্যা, আমাৰ সকলো। ইভাৰা – ঈশ্বৰৰ উপহাৰ।’

কিয়াৰা আদৱানী-সিদ্ধাৰ্থ মালহোত্ৰা

১৫ জুলাইত কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই তেওঁলোকৰ কন্যাৰ আগমনৰ কথা ৰাজহুৱা কৰে। সামাজিক মাধ্যমত তেওঁলোকে এটা প’ষ্টৰ জৰিয়তে এই কথা ৰাজহৱা কৰে। এই প’ষ্টটোত তেওঁলোকে লেখিছে, ‘আমাৰ হৃদয় ভৰি পৰিছে। আমাৰ পৃথিৱীখন চিৰদিনৰ বাবে সলনি হৈ গ’ল। আমি এগৰাকী কন্যাৰ অভিভাৱক হৈ ধন্য হৈছো।’

kiara

পিছত দম্পতীহালে সৰু সৰু ভৰিৰ আভাস শ্বেয়াৰ কৰি কণমানিজনীৰ নাম প্ৰকাশ কৰে। কিয়াৰা আদৱানীয়ে এই প’ষ্টটোত লেখিছে, ‘আমাৰ প্ৰাৰ্থনাৰ পৰা, আমাৰ বাহুলৈকে – আমাৰ ঐশ্বৰিক আশীৰ্বাদ, ছাৰায়াহ।’

পৰিনীতি চোপ্ৰা-ৰাঘৱ চাদ্ধা

অক্টোবৰ মাহত আকৌ দুগুণ আনন্দ। ১৯ অক্টোবৰত পৰিনীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাদ্ধাই এটি পুত্ৰ সন্তানক আদৰণি জনায়। তেওঁলোকেও সামাজিক মাধ্যমত বিশেষ ফটো শ্বেয়াৰ কৰি এই বিষয়ে ৰাজহুৱা কৰে  পিছলৈ দম্পতিহালে সন্তানৰ নামটো প্ৰকাশ কৰে। ৰাঘৱ আৰু পৰিণীতিৰ পুত্ৰৰ নাম নীৰ।

image-1763540575625

আৰবাজ খান-শ্বুৰা খান

ইফালে, ৫ অক্টোবৰত আৰবাজ খান আৰু শ্বুৰা খানো এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। এটা হৃদয়স্পৰ্শী কেপশ্যনৰ সৈতে তেওঁলোকে এখন বিশেষ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। য’ত লেখা আছে, ‘আটাইতকৈ সৰু হাত-ভৰি, কিন্তু আমাৰ হৃদয়ৰ আটাইতকৈ ডাঙৰ অংশ, নাম-ছিপাৰা খান।’

images (2)

কেটৰিনা কাইফ-বিকি কৌশল

নৱেম্বৰ মাহ আছিল উদযাপনৰ মাহ। যোৱা ৭ নৱেম্বৰত কেটৰিনা কাইফ আৰু বিকি কৌশলে এটি পুত্ৰ সন্তানক আদৰণি জনায়।

images (3)

 এই খবৰ অনুৰাগীক দি তেওঁলোকে সামাজিক মাধ্যমত লেখিছে- ‘আমাৰ আনন্দৰ বাণ্ডিলটো আহিল। অপৰিসীম মৰম আৰু কৃতজ্ঞতাৰে আমি আমাৰ পুত্ৰ সন্তানক আদৰণি জনাইছো। ৭ নৱেম্বৰ, ২০২৫। – কেটৰিনা আৰু ভিকি।’

ৰাজকুমাৰ ৰাও-পত্ৰলেখা

মাহৰ শেষৰ ফালে ১৫ নৱেম্বৰত ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখাই সামাজিক মাধ্যমত কন্যা সন্তানৰ জন্মৰ কথা ঘোষণা কৰে। সেইদিনা তেওঁলোকৰ বিয়াৰ বাৰ্ষিকীও আছিল। সামাজিক মাধ্যমত তেওঁলোকে লেখিছে, ‘আমি চন্দ্ৰৰ ওপৰত আছো। ভগৱানে আমাক এজনী ছোৱালীৰ আশীৰ্বাদ দিছে।’

Rajkummar-Rao

Leave a Reply

Your email address will not be published. Required fields are marked *