Advertisement

২০২৬ৰ নিৰ্বাচনত ধূলিসাৎ হ’ব আজমলৰ এআইইউডিএফ, চেঙাত ক’লে অখিলে

ডিজিটেল ডেস্কঃ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ। পিছপৰি ৰোৱা নাই অখিল গগৈৰ ৰাইজৰ দলো। সোমবাৰে বৰপেটাৰ চেঙাত গণ সমাৱেশ আয়োজন কৰি নিৰ্বাচনী ৰণদুন্দুভি বজালে ৰাইজৰ দলে। বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলক তীক্ষ্ন সমালোচনা কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ক’লে ২৬-ত ভেটি উছন হ’ব এআইইউডিএফ দলৰ। গগৈয়ে দাবী কৰি কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত এখনো আসন নাপায় আজমলৰ দলটোৱে। সংখ্যালঘূ ৰাইজক বিগত নিৰ্বাচনসমূহত প্ৰৱঞ্চনা কৰি অহা এআইইউডিএফৰ পৰিৱৰ্তে ৰাইজৰ দলেহে সংখ্যালঘূ মুছলমানৰ কথা চিন্তা কৰে বুলি মন্তব্য অখিল গগৈৰ। যিদৰে গোড়া হিন্দুত্ববাদী দল বিজেপি, ঠিক সেইদৰে গোড়া ইছলামপন্থী দল এআইইউডিএফ বুলিও তীক্ষ্ণ সমালোচনা অখিল গগৈৰ। সেয়ে এআইইউডিএফক আগন্তুক নিৰ্বাচনত সংখ্যালঘূ ৰাইজে ভোট দিয়া উচিত নহয় বুলি চেঙাৰ গণসমাৱেশত মন্তব্য কৰে গগৈয়ে। ইপিনে, চেঙাৰ বিধায়ক এআইইউডিএফৰ আশ্ৰাফুল হুছেইনকো তীক্ষ্ণ সমালোচনা অখিল গগৈৰ। আশ্ৰাফুল হুছেইনে অখিল গগৈক বিজেপিৰ এজেণ্ট বুলি কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি বিগত ৰাজ্যসভাৰ নিৰ্বাচন আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত কিমান ধনৰ বিনিময়ত এআইইউডিএফে বিজেপিৰ সমৰ্থনত ভোট দিছিল তাৰ উত্তৰ ৰাইজক দিবলৈকো বিধায়কগৰাকীক প্ৰত্যাহ্বান জনায় গগৈয়ে।

ইপিনে, মিত্ৰতা প্ৰসংগত কংগ্ৰেছকো সমালোচনা কৰে গগৈয়ে। তেওঁ কয় যে সংখ্যালঘূ অঞ্চলত কংগ্ৰেছ দলে নিজকে অভিভাৱক বুলি ভাবে। আসন ভাগ-বটোৱাৰা সম্পৰ্কত ভালদৰে চিন্তা-চৰ্চা কৰি ৩১ জানুৱাৰীৰ ভিতৰত মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ বাবেও কংগ্ৰেছ দলক সময়সীমা বান্ধি দিয়ে গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *