Advertisement

কাৰিগাঁও কাণ্ড গোষ্ঠী সংঘৰ্ষ নহয়, এয়া উভয় পক্ষৰ দুৰ্বৃত্তৰ কাণ্ডঃ সুভাষ তিৰ্কী

ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও এলেকাত যোৱা ৩৬ ঘণ্টাৰ হিংসাত্মক পৰিস্থিতিৰ পিছত আজি পৰিৱেশ যথেষ্ট পৰিমাণে স্বাভাৱিক হৈছে যদিও এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে। সংঘৰ্ষৰ পিছত বড়ো আৰু আদিবাসী উভয় সম্প্ৰদায়ৰ ৬৮০টা পৰিয়ালৰ ২,৯২৯জন লোকে পাঁচটা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। দুয়ো জনগোষ্ঠীৰ ডজনৰো অধিক ঘৰ-বাৰী আৰু সা-সম্পত্তি জ্বলি ছাই হয়।

মঙলবাৰৰ ঘটনাৰ পিছত সেনা, ৰেপিড একচন ফৰ্চ আৰু আৰক্ষী মোতায়েন কৰা হৈছে। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে অতি শীঘ্ৰে আশ্ৰয় শিবিৰত থকা লোকসকলক নিজ ঘৰলৈ পঠিওৱাৰ চেষ্টা চলি থকা বুলি কয়। আশ্ৰয় শিবিৰত থকা লোকসকলে ক্ষতিপূৰণ, পুনৰসংস্থাপন আৰু নিৰাপত্তাৰ দাবী জনাইছে।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, এবছুৰ সভাপতি দ্বীপেন বড়ো, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীসহ বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই আজি আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। মন্ত্ৰী ব্ৰহ্মই ঘটনাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তদন্ত হ’ব বুলি কয় আৰু পৰ্যাপ্ত ৰেচন যোগানৰ নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰে।

এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই ঘটনা কোনো গোষ্ঠী সংঘৰ্ষ নহয় বুলি উল্লেখ কৰি হত্যাকাণ্ডৰ দোষীক শাস্তিৰ দাবী জনায় আৰু ক্ষতিগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণ, চাকৰি, পুনৰসংস্থাপনৰ দাবী তোলে। আৰক্ষীয়ে উৰাবাতৰিত ভোল নাযাবলৈ আৰু আইন হাতত নল’বলৈ আহ্বান জনাইছে। ইপিনে, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কীয়েও দ্বীপেন বড়োৰ দৰেই এই ঘটনাক গোষ্ঠীগত সংঘৰ্ষ নহয় বুলি উল্লেখ কৰি কয় যে দুয়োপক্ষৰ দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত ঘটনাহে এয়া। ঘটনাৰ পিছত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিত উভয় পক্ষৰ যিসকল লোকে ঘৰ-বাৰী হেৰুৱাই আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে তেওঁলোকক শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাই তিৰ্কীয়ে। ঘটনা সংঘটিত হোৱাৰ পিছত তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আদিবাসী কল্যাণ পৰিষদৰ উপাধ্যক্ষগৰাকীয়ে। ভৱিষ্যতে এই ঘটনাৰ আলম লৈ যাতে আৰু কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে বড়ো জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠী উভয় পক্ষকে সংযম ৰক্ষা কৰি সমিলমিলেৰে বসবাস কৰিবলৈকো তেওঁ আহ্বান জনায়।

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত দল-সংগঠনৰ উপস্থিতিত বুধবাৰে কোকৰাঝাৰস্থিত বিটিচিৰ সচিবালয়ত এক শান্তি সভা অনুষ্ঠিত হয়। সভাত বিটিচি চীফ হাগ্ৰামা মহিলাৰী, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চৰণ বড়ো, বিধায়ক লৰেন্স ইছলাৰী, জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ উপস্থিতিত দল-সংগঠনৰ সৈতে আলোচনা কৰা হয়। সকলো পক্ষই অঞ্চলটোত শান্তি স্থাপনৰ বাবে সহমত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *