ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰী ৰেঞ্জত আজিৰেপৰা ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মানাহ মহোৎসৱ৷ পুৱাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, মানাহ মহোৎসৱৰ মুখ্য দ্বাৰ মুকলি, বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হয় মানাহ মহোৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী৷
সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মানাহ মহোৎসৱৰ মুখ্যদ্বাৰ মুকলি কৰে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োৱে৷ মানাহৰ প্ৰচাৰ আৰু প্ৰসাৰ, থলুৱা খাদ্য, কৃষ্টি-সংস্কৃতি, পৰম্পৰাগত সাজ-পাৰ, চাহ, পৰ্যটন আদি বিশ্বৰ বুকুত প্ৰচাৰৰ উদ্দ্যেশ্যে আয়োজন কৰা হৈছে মানাহ মহোৎসৱ৷

মানাহ মহোৎসৱত জুবিন গাৰ্গ পাৰ্ক, জনগোষ্ঠীয় গাঁও, আনন্দমেলা, বাণিজ্য মেলা আদিৰ লগতে প্ৰতিটো দিনতে ৰূপায়ণ কৰা হ’ব বিভিন্ন কাৰ্যসূচী৷ প্ৰতিদিনেই থাকিব জনপ্ৰিয় কণ্ঠশিল্পীৰ অনুষ্ঠান। এইবাৰ মানাহ মহোৎসৱৰ কাৰ্যসূচীত ভূটানকে ধৰি চুবুৰীয়া কেবাখনো দেশৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব৷ মহোৎসৱত থাকিব ভূটানী খাদ্যৰ বিপনী। উল্লেখ্য যে এইবেলি মানাহ মহোৎসৱ প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্য লৈছে উদ্যোক্তা সমিতিয়ে৷













Leave a Reply