Advertisement

গুৱাহাটীত অনুষ্ঠিত সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অসম সাহিত্য সভা। গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰ চৌহদত যোৱা ৩১ জানুৱাৰী পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ দ্বিতীয় দিনাৰ সভাস্থলীতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পিছতেই বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিৰ পতাকা উত্তোলন অনুষ্ঠানত গামোচা পিন্ধোৱা-নিপিন্ধোৱাৰ বিষয়ত হোৱা মতবিৰোধৰ ফলত অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়। বিয়লিৰ ভাগত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাও উত্তপ্ত হৈ পৰে। প্ৰতিনিধি সভাত সমিতিৰ কাৰ্যকাল তিনিবছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হয়।

সভাপতিয়ে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল পুনৰ এবছৰ বৃদ্ধি কৰিবলৈ আহ্বান জনোৱাৰ পিছত একাংশ প্ৰতিনিধিয়ে অসন্তুষ্টি প্ৰকাশ কৰে আৰু উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। বহু প্ৰতিনিধিয়ে সভাপতিয়ে উত্থাপন কৰা প্ৰস্তাৱ মানি ল’বলৈ অমান্তি প্ৰকাশ কৰে। এনে পৰিপ্ৰেক্ষিততে উত্তপ্ত হৈ পৰে সভাস্থলী। অধিৱেশনত দেখা দিয়া এনে উত্তপ্ত পৰিস্থিতিক লৈ সাহিত্যপ্ৰেমী হতাশ হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *