ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা ‘সময় পৰিৱৰ্তন – মাটি বচাওঁ, জাতি বচাঁও’ শীৰ্ষক যাত্ৰা দ্বিতীয় দিনা নগাঁৱৰ বটদ্ৰৱা থানত উপস্থিত হোৱাৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ নেতা-কৰ্মীসকলে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত সেৱা ল’বলৈ উপস্থিত হোৱাৰ প্ৰাকমুহূৰ্ততেই শাসকীয় বিজেপিৰ একাংশ কৰ্মীৰ তৰফৰ পৰা বাধা দিয়াৰ অপচেষ্টা চলোৱা হয় বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰে।
এই যাত্ৰাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, মনোজ চৌহান, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ ৰিপুন বৰা আদি শীৰ্ষ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। বটদ্ৰৱাত উপস্থিত হৈ কংগ্ৰেছ নেতাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে, যাৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে।
ইফালে, বটদ্ৰৱা থানত সেৱা গ্ৰহণ কৰি প্ৰস্থান কৰাৰ সময়ত বিজেপি কৰ্মীৰ একাংশই কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি ‘বাংলাদেশী মিঞাৰ দালাল’, ‘পাকিস্তানৰ এজেণ্ট’ আদি শ্ল’গান দিয়া পৰিলক্ষিত হয়। ইয়াকে কেন্দ্ৰ কৰি দুয়ো দলৰ কৰ্মীৰ মাজত হতাহতি সদৃশ পৰিস্থিতিৰো সৃষ্টি হয়। সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কয় যে গুৰুজনাৰ জন্মস্থানত এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো অত্যন্ত দুখজনক আৰু নিন্দনীয়। কংগ্ৰেছৰ অভিযোগ অনুসৰি, শাসকীয় দলটোৰ নেতাসকলে গুৰুজনাৰ আদৰ্শক ভৰিৰে মোহাৰি পেলাবলৈও কুণ্ঠাবোধ নকৰে বাবেই ভেৰোণীয়া লোক ব্যৱহাৰ কৰি পৱিত্ৰ বটদ্ৰৱা থানত এনে উদ্ভণ্ডালিৰ সৃষ্টি কৰিছে।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে কয়, “বৰদোৱা থানত কাৰো অহাত বাধা নাই। এই থান সকলোৰে। ইয়াত কোনো শাসক পক্ষ বা বিৰোধী পক্ষ নাই। আমি সকলোয়ে গুৰুজনাৰ আদৰ্শ পালন কৰি সমাজৰ প্ৰতি দায়বদ্ধ হ’ব লাগে। আমি কোনো বেয়া উদ্দেশ্য লৈ অহা নাই। শান্তি, একতা, সমৃদ্ধি আৰু প্ৰগতিৰ বাৰ্তা লৈহে ইয়ালৈ আহিছোঁ।”
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি কয়, “এনে পৱিত্ৰ স্থানত আমাক বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক। ইয়াৰ দ্বাৰা প্ৰতিফলিত হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিম্নস্তৰৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। ৰাজনৈতিক মতভেদ থাকিব পাৰে, কিন্তু ধৰ্মীয় স্থানত এনেকুৱা আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয়।”
নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ কৰি কয়, “বিজেপিয়ে গুৰুজনাৰ আদৰ্শ কেতিয়াও নামানে। তেওঁলোকে কেৱল ঘৃণাৰ ৰাজনীতি কৰি আহিছে। শ্ৰীমন্ত শংকৰদেৱক নিজৰ পৈতৃক সম্পত্তি বুলি ভাবি আমাৰ সভ্যতা-সংস্কৃতিক অপমান কৰিছে।”
একেদৰে, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয়, “ধৰ্মীয় স্থানলৈ যোৱা অধিকাৰত বাধা দিয়াটো পাশৱিক আৰু অসুৰসদৃশ আচৰণ। গুৰুজনাই সকলোকে লৈ নামঘৰ স্থাপন কৰিছিল। আজি বিজেপিয়ে যি আচৰণ কৰিলে সেয়া গুৰুজনাৰ আদৰ্শৰ ওপৰত এক অক্ষমনীয় আঘাত। অসমীয়া ৰাইজে কেতিয়াও এনে অসুৰিক আচৰণ সমৰ্থন নকৰে।” এই ঘটনাক কেন্দ্ৰ কৰি বটদ্ৰৱা অঞ্চলত এতিয়াও ৰাজনৈতিক উত্তেজনা অব্যাহত আছে।













Leave a Reply