Advertisement

বাসুগাঁও মহাবিদ্যালয়ত কোচ-ৰাজবংশী ছাত্ৰ গোটৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ নৱাগত আদৰণি সভা সম্পন্ন

বাসুগাঁওঃ বাসুগাঁও মহাবিদ্যালয়ৰ কোচ-ৰাজবংশী ছাত্ৰ গোটৰ উদ্যোগত কালি মহাবিদ্যালয় প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল কোচ-ৰাজবংশী জনগোষ্ঠীৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে তেওঁলোকক শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই লৈ যোৱা আৰু নিজৰ চহকী ভাষা, সংস্কৃতি তথা ঐতিহাসিক ঐতিহ্যৰ প্ৰতি সচেতন কৰি তোলা।

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় যে শৈক্ষিক উত্তৰণৰ সমান্তৰালকৈ নিজৰ শিপা আৰু জাতীয় চেতনাক সজীৱ কৰি ৰখাটো প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ দায়িত্ব। সভাত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ (আক্ৰাছু) সভাপতি মনোজ ৰায়, সাধাৰণ সম্পাদক বলোৰাম বৰ্মন আৰু উপ-সভাপতি কপিল দেৱ সিংহ উপস্থিত থাকি নৱাগতসকলক উদ্দেশ্যি গঠনমূলক আৰু প্ৰেৰণাদায়ী বক্তব্য আগবঢ়ায়।

ইয়াৰ উপৰিও অনুষ্ঠানত বিশিষ্ট সাংবাদিক নীলোৎপল ৰায় চৌধুৰী আৰু বিশিষ্ট চিকিৎসক ডা০ প্ৰদীপ ৰাজবংশী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক সমাজ গঠনত সুস্থ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাত চিৰাং জিলা আক্ৰাছুৰ বিষয়ববীয়াসকলৰ লগতে বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণ আলোচনা আৰু সাংস্কৃতিক পৰিৱেশেৰে অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *