Advertisement

‘মায়াৱিনী’ গাই গুজৰাটবাসীক আপ্লুত কৰিলে অসমৰ ঋতৃষাই

ডিজিটেল ডেস্কঃ অসমৰ পৰা মুম্বাইলৈ গৈ যথেষ্টসংখ্যক সংগীত শিল্পীয়ে নিজকে প্ৰতিষ্ঠাৰ বাবে বহু পূৰ্বৰে পৰা চেষ্টা অব্যাহত ৰাখিছে। পাপন, শাশ্বতী ফুকন, জয় বৰুৱা, দীপাক্ষি কলিতা আদিয়ে কণ্ঠশিল্পী হিচাপে মায়ানগৰীত নিজৰ এক চিনাকি গঢ়াৰ সমান্তৰালকৈ সংগীত তথা ছবিজগতত অনুৰাগ শইকীয়া, দেৱজিৎ চাংমাই, ধ্ৰুৱজ্যোতি ফুকন, কল্যাণ বৰুৱা আদিয়েও অসমীয়া হিচাপে গৌৰৱ কৰিব পৰাকৈ গঢ়িছে নিজৰ পৰিচয়।

শেহতীয়াকৈ মুম্বাইৰ সংগীত জগতত যোগ হৈছে আৰু এগৰাকী অসমীয়াৰ নাম, যিয়ে কম সময়ৰ ভিতৰতে মায়ানগৰীৰ সংগীত জগতত দৃষ্টি আকৰ্ষণ কৰিছে সংগীত সচেতন লোকৰ। তেওঁ আন কোনো নহয়, তেওঁ হৈছে তিনি বছৰ ধৰি জুবিন গাৰ্গৰ সৈতে মঞ্চত একেলগে সহযোগী শিল্পী হিচাপে গীত পৰিৱেশন কৰা ঋতৃষা শৰ্মা। যোৰহাটৰ জীয়ৰী ঋতৃষাই সংগীতৰ শিখৰ স্পৰ্শ কৰাৰ সপোন লৈ ৬টা বছৰ পূৰ্বে ঢাপলি মেলিছিল মায়ানগৰী মুম্বাইলৈ। অসমত এক সুকীয়া পৰিচয় থকা ঋতৃষাই ইতিমধ্যে কণ্ঠদান কৰিছে বহু জনপ্ৰিয় অসমীয়া গীতত।

জুবিন গাৰ্গৰ সৈতে একেলগে কণ্ঠ নিগৰোৱা জুনুকা, জোনবাইলৈ চিঠি, প্ৰিয়াৰ প্ৰিয় ছবিখনৰ অ’ প্ৰিয়া গীতকেইটি শ্ৰোতা-দৰ্শকৰ অতিকৈ প্ৰিয়। প্ৰিয়াৰ প্ৰিয়, লংকাকাণ্ড, দূৰ আদিকে ধৰি কেবাখনো অসমীয়া চিনেমাত কণ্ঠদান কৰা ঋতৃষা সুকীয়া গায়ন শৈলীৰ বাবেই অসমৰ শ্ৰোতা-দৰ্শকৰ অন্যতম প্ৰিয় কণ্ঠশিল্পী। উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংগীতক লৈও বহুকেইটা পৰীক্ষামূলক গীতৰ কাম কৰিছে ঋতৃষাই।

২০১১ চনত যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি পেছাগতভাৱে সংগীতক বাছি লোৱা ঋতৃষাই শেহতীয়াকৈ মুম্বাইলৈ গৈ আৰম্ভ কৰিছে নিজৰ সংগীতৰ জয়যাত্ৰা। কেৱল মুম্বাই বা বলীউডত ভূমুকি মৰাৰ সুযোগৰ সন্ধানত নাথাকি দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ কণ্ঠশিল্পীগৰাকীয়ে পৰিৱেশন কৰিছে জনপ্ৰিয় গীতসমূহৰ লগতে নিজস্ব শৈলীত উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ ভিন্ন প্ৰান্তৰ লোক-সংগীতসমূহো। যাৰ বাবে দিনে দিনে শ্ৰোতা-দৰ্শকৰ সংখ্যা বাঢ়িছে ঋতৃষা শৰ্মাৰ লাইভ কনছাৰ্টৰ।

শেহতীয়াকৈ গুজৰাটৰ চুৰাটৰ এক সংগীতানুষ্ঠানত জুবিন গাৰ্গৰ গীত গাই পুনৰ চৰ্চালৈ আহিছে ঋতৃষা। বিশেষকৈ ঋতৃষাৰ কণ্ঠত জুবিন গাৰ্গৰ ‘মায়াৱিনী’ শুনি আপ্লুত হৈ পৰে গুজৰাটী শ্ৰোতা-দৰ্শক। সহস্ৰাধিক লোকে উপভোগ কৰা সংগীতানুষ্ঠানটিত ‘মায়াৱিনী’ৰ উপৰিও জুবিন গাৰ্গৰ আন কেবাটাও গীত গাই আনন্দৰ লহৰ তোলে কণ্ঠশিল্পী ঋতৃষাই। কেবাখনো হিন্দী ছবিতো ইতিমধ্যে কণ্ঠ নিগৰোৱা ঋতৃষাই ‘দ্য ৱেব টুডে’ক জানিবলৈ দিয়া অনুসৰি বিভিন্ন জাতি-জনগোষ্ঠীৰে ভৰপূৰ লোক-সংগীতত চহকী উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক ‘কনছাৰ্ট’ৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীক চিনাকি কৰাই দিয়াই তেওঁৰ উদ্দেশ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *