Advertisement

অৱসানৰ দিশে ৰাজনৈতিক অচলাৱস্থা… য়ুমনাম খেমচান্দ সিং হ’ব মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী

ইম্ফলঃ মণিপুৰৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে। বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙক মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। সোমবাৰে অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত য়ুমনাম খেমচান্দ সিঙক সৰ্বসন্মতিক্ৰমে দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়।

উল্লেখ্য যে, মণিপুৰত প্ৰায় এবছৰ ধৰি ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈ আছিল। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছতেই মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। দীৰ্ঘদিন ধৰি চলি থকা ৰাজনৈতিক অনিশ্চয়তাৰ মাজতে এতিয়া নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত পুনৰ নিৰ্বাচিত চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ পৰে।

বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত য়ুমনাম খেমচান্দ সিঙে ৰাজ্যখনত শান্তি, স্থিৰতা আৰু উন্নয়ন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে। নতুন চৰকাৰ গঠনৰ পিছতে মণিপুৰত স্বাভাৱিক প্ৰশাসনিক প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *