ডিজিটেল ডেস্কঃ চুবুৰীয়া মেঘালয়ৰ তাছখাইস্থিত এটা কয়লাখনিত সংঘটিত ভয়ংকৰ বিস্ফোৰণত অসমৰ ১৬ গৰাকী শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। খনন কাৰ্য চলি থকা সময়তে এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়। স্থানীয় আৰক্ষীয়ে ১৬ জন শ্ৰমিকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে, লগতে প্ৰায় অৰ্ধশতাধিক শ্ৰমিক খনিটোৰ ভিতৰত আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে।
প্ৰাথমিক খবৰ অনুসৰি, কয়লাখনিটোৰ ভিতৰত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত ঘটনাস্থলীত উপস্থিত শ্ৰমিকসকল গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। কৰ্তৃপক্ষৰ সন্দেহ অনুসৰি, নিহত আৰু আঘাতপ্ৰাপ্ত শ্ৰমিকসকলৰ অধিকাংশই অসমৰ বাসিন্দা।
ঘটনাৰ পিছতেই মেঘালয় আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু অঞ্চলটোত উদ্ধাৰকাৰী দল মোতায়েন কৰা হয়। প্ৰাথমিক তথ্য অনুসৰি, মৃত শ্ৰমিকসকল অসমৰ কাছাৰ জিলাৰ কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত বিহাৰা গাঁৱৰ বাসিন্দা আছিল।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, উদ্ধাৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে আৰু ঘটনাক কেন্দ্ৰ কৰি তদন্ত চলাই থকা হৈছে। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক বিকাশ কুমাৰে কয়, “এই ঘটনা থাংস্কু অঞ্চলত সংঘটিত হৈছে। আমাৰ দলে আজি পুৱা এই বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে, যদিও খনিটোৰ ভিতৰত সঠিকভাৱে কিমান লোক আছিল, সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য পোৱা হোৱা নাই।”
তেওঁ লগতে কয় যে বিস্ফোৰণত এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। তেওঁক প্ৰথমে নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ কৰা হয়। উদ্ধাৰ অভিযান অধিক খৰটকীয়া কৰিবলৈ আৰক্ষীয়ে এছডিআৰএফৰ পৰা সহায় বিচাৰিছে বুলি জানিব পৰা গৈছে।













Leave a Reply