ডিজিটেল ডেস্কঃ মানাহৰ পৰ্যটনৰ প্ৰচাৰ-প্ৰসাৰ, বন আৰু বণ্যপ্ৰাণী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে অহা ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৯ দিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে৷ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সীমা স্পৰ্শ কৰি থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বাশবাৰীত পৰ্যটনৰ হৈ কাম কৰি থকা স্থানীয় মানস এভাৰ ৱেলফেয়াৰ ছ’ছাইটি, এমএমইএছ মৗজীগ্ৰেণ্ডৰি, গ্ৰীণ মানস, মানস বন্ধু, ৰিজিঅ’নেল ষ্টুডেণ্ট ইউনিয়ন, আছু, আছা, আক্ৰাছু, আগছু, হোটেল সন্থা, জীপছী ছাফাৰি সন্থা আদি সংগঠনৰ লগতে স্থানীয় গাঁওসমূহৰ উদ্যোগত এই মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে৷
জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা বিৰল মানাহ ৰাষ্ট্ৰীয় উদ্যান কেৱল জংঘল, জীৱ-জন্তুৰ কথাটোতে সমাপ্ত নহয়৷ মানাহ এনেকুৱা এখন ঠাই য’ত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰে৷ বড়ো, চাহ জনগোষ্ঠী, আদিবাসী, কোঁচ-ৰাজবংশী, নাথ-যোগী, গোৰ্খা, সূত্ৰধৰকে ধৰি প্ৰায় ১০টা জাতি-জনগোষ্ঠীৰ লোকে এই অঞ্চলটোত সমিলমিলেৰে বসবাস কৰি আহিছে৷ আটাইকেইটা জাতি-জনগোষ্ঠীৰ সুকীয়া সুকীয়া কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰা আছে৷ জনগোষ্ঠীসমূহৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবেও মহোৎসৱত ব্যৱস্থা কৰা হৈছে৷ লগতে, পৰম্পৰাগত খাদ্য-সম্ভাৰ, হস্ততাঁত বস্ত্ৰ, হস্তশিল্প, পৰিৱেশ অনুকুল বহনক্ষম কৃষি আদিৰ ব্যাপক প্ৰচাৰৰ দিহা কৰা হৈছে৷
মহোৎসৱত জনগোষ্ঠীসমূহৰ একোখনকৈ কৃত্ৰিম গাঁও স্থাপন কৰা হ’ব৷ জনগোষ্ঠীসমূহৰ ঘৰৰ আৰ্হি পৰ্যন্ত প্ৰদৰ্শন কৰা হ’ব আৰু প্ৰতিটো জনগোষ্ঠীৰ খাদ্য-সম্ভাৰ, হস্ততাঁত বস্ত্ৰ, হস্তশিল্পৰ বিপণী আদিও থাকিব৷ পৰ্যটকে কেৱল মানাহৰ জীৱ-জন্তুৱেই নহয়, স্থানীয় খাদ্য-সম্ভাৰৰ সোৱাদ লোৱাৰ লগতে হস্ততাঁত বস্ত্ৰ, হস্তশিল্প, পৰিবেশ অনুকুল বহনক্ষম কৃষি আদিৰ প্ৰদৰ্শনী স্বচক্ষে দৰ্শন কৰাৰ লগতে বিপণীৰ পৰা সামগ্ৰী পৰা ক্ৰয় কৰিব পাৰিব৷ জাতি-জনগোষ্ঠীসমূহৰ জীৱন ধাৰণৰ প্ৰণালীৰ বিষয়ে জানিব পাৰিব৷
মহোৎসৱত ভূটানৰ প্ৰতিনিধিয়েও অংশ ল’ব বুলি আয়োজকসকলে জানিবলৈ দিছে৷ জানিব পৰা মতে মহোৎসৱত ভূটানৰ বিভিন্ন ক’লা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে খাদ্যৰ বিপণীও থাকিব৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত লুপ্ত-প্ৰায় ৰয়েল বেংগল টাইগাৰ, বনৰীয়া ম’হ, হৰিণা, নলগাহৰি, সোণালী বান্দৰ, মেঠোন, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, সোণালী মেকুৰী, টুপীমূৰীয়া বান্দৰ, মলুৱা বান্দৰ, লাজুকী বান্দৰ, হলৌ বান্দৰ, উদ, ভালুক, খটীয়া পহু, সুগৰী পহু, দল-হৰিণা, শৰপহু, জহামাল, হাগা গেন্দেৰা, মুচি গেন্দেৰা আদি জন্তুৰ লগতে উলুম’ৰা, বন-কুকুৰা, ফেচুলুকা, চাকৈ-চকোৱা, দৰিক, বগলী, ভেলা, কুৰুৱা, মৌখাটি, জিঞাখাটী, দহিকতৰা, পাকৈঢোৰা, ধনেশ ইত্যাদি পক্ষীও প্ৰত্যক্ষ কৰিব পাৰি৷
মানাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ তিৰ্কী আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই জনোৱা মতে মহোৎসৱলৈ অহা লোকসকলে মহোৎসৱৰ আশে পাশে থকা হোটেলত ৰেহাই মূল্যত থকা-খোৱাৰ সুব্যৱস্থাও লাভ কৰিব৷ পূৰ্বে মহোৎসৱলৈ দেশ-বিদেশৰ পৰ্যটক আহিছিল৷ এইবাৰো দেশ বিদেশৰ পৰ্যটক আহিব৷ মূলত বেংগল টাইগাৰ পৰ্যটকৰ আকৰ্ষণ বুলি উল্লেখ কৰে মানাহ মহোৎসৱ পৰিচালনা সমিতিয়ে৷ মহোৎসৱত প্ৰতিদিনে লোক নৃত্য-লোক সংগীতৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ কুৰিজনতকৈয়ো অধিক স্থানীয় জনপ্ৰিয় শিল্পীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব৷ পর্যটনৰ বিকাশ আৰু লোক সংস্কৃতি, থলুৱা নৃত্য-গীত, লোক পৰম্পৰা, থলুৱা খাদ্য সম্ভাৰৰ প্ৰচাৰৰ লক্ষ্য লৈ মহোৎসৱ আয়োজন কৰাত স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।













Leave a Reply