Advertisement

অসমত অনুষ্ঠিত নহয় টি-২০ বিশ্বকাপৰ মেচ…

ডিজিটেল ডেস্কঃ আগন্তুক টি-২০বিশ্বকাপৰ এখনো খেল অনুষ্ঠিত নহয় অসমত। এই কথা সদৰি কৰিলে BCCIৰ সচিব দেৱজিত লন শইকীয়াই।  দৰং জিলাৰ মঙলদৈ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত চলি আছে ভেটাৰ্ণ ক্ৰিকেট । দেওবাৰে উক্ত খেলত অংশগ্ৰহণ কৰে  BCCI  সচিব দেৱজিত লন শইকীয়াই। উক্ত অনুষ্ঠানতে এই কথা সদৰি কৰে তেওঁ।

বি চি চি আই সচিব গৰাকীয়ে অসমত কিয় টি-২০ৰ মেচ অনুষ্ঠিত নহয়, তাৰ কাৰণৰ সন্দৰ্ভত কয় যে, ICC য়ে খেল অনুষ্ঠিত কৰাৰ বাবে মাত্ৰ ৫ টা স্থান বিচৰাৰ বাবে অসম বিবেচনালৈ নাহিল। আই চি চিয়ে আমাক খেল অনুষ্ঠিত কৰিবলৈ দেশৰ ৫খন টপ ষ্টেডিয়াম বিচাৰিছিল। সেয়েহে আমি মুম্বাই, দিল্লী, চেন্নাই, আহমেদাবাদ আৰু কলিকতাক আমি নিৰ্বাচিত কৰিছো। বাকী ৩খন ষ্টেডিয়াম শ্ৰীলংকাৰ পৰা নিৰ্বাচিত কৰিছো।

অসমৰ ক্ৰীড়া পৰিৱেশক লৈ তেওঁ লগতে কয়-  অসমত এতিয়া এক সুন্দৰ ক্ৰীড়াৰ পৰিবেশ সৃষ্টি হৈছে।  অহা জানুৱাৰীত মঙলদৈত নামিবিয়াৰ মহিলা ক্ৰিকেট দলে পেকটিচ মেচ খেলিব  বুলিও জনালে শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *