বৰপেটা ৰোডঃ বৰপেটা ৰোডৰ পৰা মানাহ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম আৰু নিম্নমানৰ কাম হোৱাৰ অভিযোগ তুলি বুধবাৰে ক্ষুব্ধ স্থানীয় ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যাতায়াতৰ মূল মাধ্যম হিচাপে চিহ্নিত এই পথটো অঞ্চলটোৰ যোগাযোগ, পৰ্যটন আৰু সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। তেনে এক গুৰুত্বপূৰ্ণ পথ নিৰ্মাণত চলি থকা চূড়ান্ত গাফিলতিয়ে এতিয়া অঞ্চলটোত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে।
প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি, পথটো নিৰ্মাণৰ দায়িত্বত থকা ‘এম বি কনষ্ট্ৰাকশ্যন কোম্পানী’য়ে প্ৰয়োজনীয় মানদণ্ড অনুসৰণ নকৰি অতি নিম্নমানৰ সামগ্ৰীৰে কাম চলাই গৈছে। স্থানীয় ৰাইজে স্পষ্ট কৰি দিয়ে যে সৰ্বসাধাৰণৰ যাতায়াত আৰু পৰ্যটনৰ লাইফলাইন সদৃশ এই পথটোৰ নিৰ্মাণত কোনো ধৰণৰ অনিয়ম বা আপোচ কোনো কাৰণতে গ্ৰহণ কৰা নহ’ব।
পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি ৰাইজে এই বিষয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে তাৎক্ষণিক প্ৰশাসনিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। একেদৰে স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰো জৰুৰী হস্তক্ষেপ কামনা কৰিছে প্ৰতিবাদকাৰীসকলে।
ৰাইজে সংশ্লিষ্ট বিভাগক অতি শীঘ্ৰে এক নিৰপেক্ষ তদন্ত চলাই পথটোৰ গুণগত মান পৰীক্ষা কৰিবলৈ দাবী উত্থাপন কৰে। তদন্তত অনিয়মৰ অভিযোগ সত্য প্ৰমাণিত হ’লে সংশ্লিষ্ট নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে চৰকাৰী নিয়ম অনুসৰি দৃষ্টান্তমূলক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।
“ৰাইজৰ কষ্টোপাৰ্জিত ধনৰ অপব্যয় সহ্য কৰা নহ’ব। এই পথটো উন্নতমানৰ, মজবুত আৰু দীৰ্ঘস্থায়ীভাৱে নিৰ্মাণ হোৱাটো সংশ্লিষ্ট বিভাগে নিশ্চিত কৰিবই লাগিব”— এইবুলি সঁকীয়নি দি ৰাইজে “আমাৰ দাবী মানিবই লাগিব” ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে গুণগত মানসম্পন্ন কাম নিশ্চিত নকৰিলে অনাগত দিনত আন্দোলন অধিক তীব্ৰতৰ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।













Leave a Reply