নাগ্ৰীজুলিঃ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ খাটবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা সমিতি তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ ৰাজৱংশী উপস্থিত থাকে। ইয়াৰ উপৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰা, আছাৰ নেতা মানছুক ছাংখাৰিকা, আক্ৰাছুৰ নেতা কপিল সিংহ, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক ফণীন্দ্ৰ বসুমতাৰী, নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি অভিনন্দ নাথ, অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট সাংবাদিক এঞ্জেলা চাংমাইসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত সংগঠনটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, প্ৰতিনিধি, ছাত্ৰ-যুৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোক কেন্দ্ৰ কৰি অঞ্চলটোত পুৱাৰে পৰা এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।
আয়োজকসকলৰ উদ্যোগত প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সংগঠনটোৰ দীৰ্ঘদিনীয়া যাত্ৰা, সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু ছাত্ৰ-যুৱ সমাজৰ ভূমিকা সন্দৰ্ভত অনুষ্ঠানত বক্তাসকলে বক্তব্য আগবঢ়ায়।
সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-যুৱ সমাজক শিক্ষা, সংস্কৃতি আৰু সামাজিক দায়িত্বৰ প্ৰতি অধিক সচেতন হ’বলৈ আহ্বান জনায়। লগতে সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সহযোগিতা, সম্প্ৰীতি আৰু ঐক্য বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
উল্লেখ্য যে ১৯৪১ চনত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি সূত্ৰধৰ সমাজৰ ছাত্ৰ-যুৱকসকলক সংগঠিত কৰাৰ লগতে সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সংগঠনটোৰ ৮৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত অনুষ্ঠিত হোৱাটো অঞ্চলটোৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ বুলি আয়োজকসকলে উল্লেখ কৰে।
অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিয়েও বিশেষ গুৰুত্ব লাভ কৰে। আছা, আক্ৰাছু, টাই আহোম ছাত্ৰ সন্থা, নাথ-যোগী ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিয়ে ছাত্ৰ সংগঠনসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা বহন কৰে।
মুকলি সভাত সংগঠনটোৰ অতীতৰ কৰ্মসূচী আৰু ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভতো আলোচনা কৰা হয়। বিশেষকৈ নতুন প্ৰজন্মক শিক্ষা আৰু সামাজিক দায়িত্বৰ প্ৰতি উৎসাহিত কৰাৰ লগতে নিজৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়।
দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি আৰু অতিথিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। শেষত আয়োজক সমিতিয়ে অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে আমন্ত্ৰিত অতিথি, বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, স্থানীয় ৰাইজ আৰু সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে।













Leave a Reply