ডিজিটেল ডেস্কঃ অচিৰেই ছবিগৃহলৈ আহিব আন এখন অসমীয়া ছবি। সাম্প্ৰতিক পৰিস্থিতিৰ জ্বলন্ত প্ৰেক্ষাপটক লৈ নিৰ্মাণ হৈ থকা ছবিখনৰ নাম ‘আমি যুঁজাৰু’। ৰাগিনী প্ৰডাকশ্যনৰ বেনাৰত দৃশ্যগ্ৰহণ চলি আছে ‘আমি যুঁজাৰু’ ছবিখনৰ। জনপ্ৰিয় কণ্ঠশিল্পী হীৰক চানৰ চিত্ৰনাট্য আৰু পৰিচালনাত নিৰ্মাণ কৰা হৈছে ছবিখন। কণ্ঠশিল্পী হীৰক চানৰ এই ছবিখন হৈছে পৰিচালক, চিত্ৰনাট্যকাৰ হিচাপে প্ৰথমখন ছবি।
ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে কুমাৰেশ দত্ত, জয়ন্ত শৰ্মা, নৱৰাজ বৰুৱা, মধুস্মিতা টুইংকল, জীৱন্ত চৌধুৰী, প্ৰবীণ পৰাণ ডেকা, মানসী ডেকা, কল্পজিত, পাৰ্থপ্ৰতীম, দিগন্ত আদি ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ বিমল বৰাই মুখ্য সহকাৰী পৰিচালক হিচাপে পৰিচালনা কৰা ছবিখনত জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি, জনপ্ৰিয় অভিনেতা আকাশদ্বীপ আৰু দেৱাশীষ বৰঠাকুৰে অতিথি শিল্পী হিচাপে ভুমূকি মাৰিব। চিত্ৰগ্ৰহণকাৰী পৃথীৱিৰাজ দত্তৰ কেমেৰাৰ লেন্সত বন্দী হৈছে ছবিখনৰ বিভিন্ন দৃশ্যৱলী।

দৰঙৰ বাস্তৱ পটভূমিক লৈ নিৰ্মিত ছবিখনৰ দৃশ্যগ্ৰহণ বৰ্তমান চলি আছে জিলাখনৰ মঙলদৈ, ঔতলা আদিকে ধৰি বিভিন্ন প্ৰান্তত। জানিব পৰা মতে, জিলাখনত অবৈধ বাংলাদেশী মিঞাৰ আগ্ৰাসনৰ কিছু ৰুঢ় বাস্তৱক চিনেমাখনৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

অতি কম দিনৰ ভিতৰতে মুক্তি পাবলগীয়া ছবিখনৰ সংগীতক ব্যতিক্ৰমী ধৰণে সজোৱা হ’ব বুলি জানিবলৈ দিয়ে পৰিচালক হীৰক চানে। পৰিচালকগৰাকীয়ে ‘দ্য ৱেব টুডে’ক জানিবলৈ দিয়া মতে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা গ্ৰামাঞ্চলৰ বহু লোকৰ বাবে বিনামূলীয়াকৈ চিনেমাখন উপভোগ কৰাৰ সুবিধা কৰি দিব প্ৰযোজকগোষ্ঠীয়ে।







Leave a Reply