Advertisement

৪,৬৬৬কোটি টকাৰ যুদ্ধ সামগ্ৰী ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ…

ডিজিটেল ডেস্কঃ শত্ৰুৰ বুকুঁত কঁপনি তুলি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্বাক্ষৰ কৰিলে যুদ্ধ সামগ্ৰী ক্ৰয়ৰ এখন গুৰুত্বপূৰ্ণ চুক্তিত। এই চুক্তি অনুসৰি ভাৰতীয় স্থল আৰু নৌ সেনাৰ বাবে ৪,৬৬৬কোটি টকাৰ অত্যাধুনিক যুদ্ধ সামগ্ৰী ক্ৰয় কৰিব ভাৰতে।

নতুন দিল্লীৰ চাইথ ব্লকত প্ৰতিৰক্ষা বিভাগৰ সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ হয়।  ভাৰত ফৰ্জ লিমিটেড আৰু পি এল আৰ চিষ্টেম প্ৰাইভেট লিমিটেডৰ পৰা এই সামগ্ৰীখিনি ক্ৰয় কৰিব প্ৰতিৰক্ষা বিভাগে।

এই চুক্তিৰ জৰিয়তে ভাৰতীয় নৌ সেনাত ২০৩০ৰ ভিতৰত আমূল পৰিৱৰ্তন আৰু শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।  ২০২৮ৰ এপ্ৰিল মাহৰ পিছত এই যুদ্ধ সামগ্ৰীসমূহ সেনাক গতাই দিয়া হ’ব। উল্লেখ কৰা প্ৰয়োজন যে,  ২০২৫-২৬বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণৰ বাবে ১,৮২,৪৯১কোটি টকাৰ বাজেট ধাৰ্য কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *