ৱাশ্বিংটন/তেহৰাণঃ বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক উৰুৱাই দিয়াৰ ভাবুকিয়ে সমগ্ৰ বিশ্বকে হতচকিত কৰি তুলিছে। উল্লেখ্য যে, আজিৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আৰু কানাডাৰ যৌথ উদ্যোগত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবল। সমগ্ৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকল এই ফুটবল মহোৎসৱক লৈ উৎসাহিত হৈ থকাৰ সময়তে, আমেৰিকা আৰু ইৰাণৰ মাজত অব্যাহত সামৰিক সংঘাত এনেদৰে ভয়াৱহ পৰ্যায়ত উপনীত হোৱাত এতিয়া সকলো উদ্বিগ্ন হৈ পৰিছে।
ইৰাণৰ দাবী: আমেৰিকাৰ এফ-৩৫ বিমান ধ্বংস
শেহতীয়া যুদ্ধৰ মাজতে ইৰাণৰ সেনাবাহিনী ৰিভলুশ্যনাৰী গাৰ্ডছে দাবী কৰিছে যে তেওঁলোকৰ উন্নত বিমান প্ৰতিৰক্ষা ব্যৱস্থাৰ জৰিয়তে আমেৰিকাৰ অতি অত্যাধুনিক পঞ্চম প্ৰজন্মৰ ‘এফ-৩৫’ যুদ্ধ বিমান ধ্বংস কৰিবলৈ সক্ষম হৈছে। অৱশ্যে আমেৰিকাৰ প্ৰতিৰক্ষা দপ্তৰে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ কৰা নাই। উল্লেখ্য যে অলপতে ইৰাণে জৰ্ডানত থকা আমেৰিকান সামৰিক ঘাটিতো আক্ৰমণ কৰাৰ দাবী কৰিছিল, য’ত এই F-35 বিমানসমূহ মোতায়েন আছিল।
ডনাল্ড ট্ৰাম্পৰ ভয়াৱহ ভাবুকি: “আজি ৰাতিৰ ভিতৰতে তৈলভাণ্ডাৰ ধ্বংস কৰা হ’ব”
আমেৰিকা আৰু ইৰাণৰ মাজত বিগত কিছুদিন ধৰি চলি থকা যুদ্ধবিৰতি ভংগ হোৱাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক অত্যন্ত আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে। ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত এক পোষ্ট যোগে ইৰাণক তীব্ৰ ভাবুকি প্ৰদান কৰিছে। তেওঁ লিখিছে— “আজি ৰাতি আমেৰিকাই ইৰাণৰ ওপৰত অতি ভয়াৱহ আক্ৰমণ চলাব।”
ট্ৰাম্পে লগতে স্পষ্ট কৰি দিয়ে যে অতি শীঘ্ৰেই আমেৰিকাই ইৰাণৰ খাৰ্গ দ্বীপসহ সমগ্ৰ তৈল আৰু গেছ খণ্ডৰ আন্তঃগাঁথনি নিজৰ নিয়ন্ত্ৰণলৈ আনিব। উল্লেখ্য যে এই খাৰ্গ দ্বীপৰ পৰাই ইৰাণৰ ৯০ শতাংশ খাৰুৱা তেল ৰপ্তানি হয়। ট্ৰাম্পৰ এই ভাবুকিয়ে মধ্যপ্ৰাচ্যত এক পূৰ্ণাংগ যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে।
যুদ্ধৰ মাজতো ফুটবল: মেক্সিকোত আশ্ৰয় লৈছে ইৰাণৰ ফুটবল দলে
এই ভয়াৱহ সামৰিক আৰু ৰাজনৈতিক উত্তেজনাৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰীয় ফুটবল দলেও বিশ্বকাপ খেলিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখে ৰাওনা হৈছিল। কিন্তু দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ বাবে আমেৰিকাই ইৰাণৰ খেলুৱৈসকলক নিজৰ ভূমিত ৰাত্ৰিযাপনৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে।
ইয়াৰ পিছতে বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা ‘ফিফা’ই মেক্সিকো চৰকাৰৰ সৈতে যোগাযোগ কৰে। মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামৰ সন্মতি মৰ্মে ইৰাণৰ দলটোক মেক্সিকোৰ টিজুয়ানা চহৰত থকা বেচ কেম্পত আশ্ৰয় দিয়া হৈছে। ইৰাণৰ দলে তেওঁলোকৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেল আমেৰিকাত খেলিব যদিও খেল শেষ হোৱাৰ পিছত তেওঁলোকে মেক্সিকোলৈ ঘূৰি আহিব লাগিব।
যি সময়ত খেলপথাৰত ক্ৰীড়া সুলভ মনোভাৱেৰে দুয়োখন দেশৰ মাজত প্ৰতিযোগিতা হ’ব লাগিছিল, সেই একে সময়তে ৰাজনীতি আৰু সামৰিক ক্ষেত্ৰত দুয়োখন দেশে পৰস্পৰে পৰস্পৰক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ হুংকাৰ দিছে। এই ক্ৰীড়া মহোৎসৱে যুদ্ধৰ পৰিৱেশ শান্ত কৰিব পাৰিব নে নাই, নে ট্ৰাম্পৰ ভাবুকিয়ে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিব, তালৈ এতিয়া অধীৰ উৎকণ্ঠাৰে অপেক্ষা কৰিছে সমগ্ৰ বিশ্ববাসীয়ে।






Leave a Reply