ডিজেটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ এক জাগ্ৰত মন্দিৰে আকৰ্ষণ কৰিছে সকলোকে। পশ্চিম কামেং জিলাৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অৱস্থিত এই মন্দিৰটো বছৰৰ বাৰ মাহেই ভৰি থাকে ভক্তৰে। চাৰিওফালে সেউজ ওখ পাহাৰ, তলত কুলু কুলু ধ্বনিৰে বৈ যোৱা টেংগা নৈ। য’ত এক অতুলনীয় প্ৰাকৃতিক পৰিৱেশৰ লগতে আধ্যাত্মিকতাৰ সংযোগে আপোনাক প্ৰদান কৰিব অনন্য প্ৰশান্তি। জামিৰি আৰু টেংগাৰ মাজত অৱস্থিত এই মন্দিৰটো হৈছে নাগ মন্দিৰ।
১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ পিছতে অৰুণাচল প্ৰদেশৰ চীন সীমান্তমুখী বাট-পথসমূহ সূচল কৰিবলৈ তৎপৰ হৈছিল চৰকাৰ। সেই সময়তে ১৯৬৬ চনত টেংগা আৰু জামিৰিৰ মাজৰ অংশটোত কাম চলি আছিল পথ সম্প্ৰসাৰণৰ। প্ৰবাদ অনুসৰি পথ উন্নয়নৰ বাবে পাহাৰ কাটোতে এডাল সাপ প্ৰত্যক্ষ কৰিছিল শ্ৰমিকে। সেই সাপডাল শ্ৰমিকসকলে মাৰি পেলোৱাৰ পাছতে অঞ্চলটোত আৰম্ভ হৈছিল অপায়-অমংগল। সেই অপায়-অমংগল দূৰ কৰাৰ বাবে স্থাপন কৰা হৈছিল এই নাগ মন্দিৰটো। লোকবিশ্বাস অনুসৰি তেতিয়াৰে পৰা অঞ্চলটোৰ সকলো বিপদ-বিঘিনি দূৰ হোৱা বুলি জানিবলৈ দিয়ে মন্দিৰটোৰ প্ৰধান পূজাৰীয়ে।
নাগ পঞ্চমী আৰু শিৱৰাত্ৰিৰ সময়ত নাগ মন্দিৰত যথেষ্ট ভিৰ বাঢ়ে ভক্ত তথা দৰ্শনাৰ্থীৰ। কেৱল অসমেই নহয়, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানা আদিৰ পৰাও ভক্ত আহে নাগ মন্দিৰলৈ। চীন সীমান্ত অভিমুখে অগ্ৰসৰ হোৱা সেনাইয়ো বাটত সেৱা লৈ যায় নাগ মন্দিৰত। পৰ্যটনৰ বাবে বিখ্যাত বমডিলা, শ্বেৰগাঁও, দিৰাং, টাৱাং আদিলৈ যোৱা পৰ্যটকেও নাগ মন্দিৰত সেৱা লৈহে আগবাঢ়ে অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ সুধা পান কৰিবলৈ।
অতি শান্ত-সমাহিত, প্ৰকৃতিৰ শীতল কোলাত অৱস্থিত এই নাগ মন্দিৰে কঢ়িয়াইছে যথেষ্ট সম্ভাৱনা। যিহেতু কেৱল অসম-অৰুণাচলেই নহয়, দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আৰাধনাৰ অন্যতম লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে নাগ মন্দিৰ, সেয়ে মন্দিৰটোৱে অৰুণাচল তথা উত্তৰ-পূৰ্বাঞ্চলৰ ধৰ্ম-পৰ্যটনলৈ যথেষ্ট অৰিহণা আগবঢ়োৱাৰ সম্ভাৱনা প্ৰবল।











Leave a Reply