নিউজ ডেস্কঃ বৰপেটাৰোডৰ বাঘে গাঁৱত বৃহস্পতিবাৰে এটা বিষাক্ত ৰজা ফেঁটীয়ে এজন লোকক দংশন কৰাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। প্ৰাপ্ত বাতৰি অনুসৰি, গাঁওখনৰ বাসিন্দা বিমল চন্দ্ৰ ঘোষ (৫০) নামৰ লোকজনক নিজ ঘৰৰ পিৰালিতে এই বিষাক্ত সৰ্পডালে দংশন কৰে। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত বিমল চন্দ্ৰ ঘোষক ততাতৈয়াকৈ বৰপেটাৰোড এফ আৰ ইউত ভৰ্তি কৰোৱায়।
চিকিৎসালয়খনৰ চিকিৎসক ডা০ প্ৰদীপ ৰাজবংশীৰ নেতৃত্বত চিকিৎসাকৰ্মীৰ এটা দলে কোনো পলম নকৰি ৰোগীগৰাকীৰ জৰুৰী চিকিৎসা আৰম্ভ কৰে। চিকিৎসকৰ দলটোৱে তৎপৰতাৰে এণ্টিভেনম প্ৰয়োগ কৰাৰ ফলত সংকটমুক্ত হৈ বৰ্তমান সুস্থ হৈ উঠিছে লোকজন।
সময়োচিত পদক্ষেপ গ্ৰহণ কৰি ৰোগীজনৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে ৰোগীৰ পৰিয়ালে চিকিৎসক ডা০ প্ৰদীপ ৰাজবংশী আৰু চিকিৎসাকৰ্মীৰ দলটোক ধন্যবাদ জ্ঞাপন কৰিছে। ইফালে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে বৰপেটাৰ জিলা আয়ুক্ত নবদ্বীপ পাঠকেও সৰ্পদংশনত আক্ৰান্ত লোকজনক উদ্ধাৰৰ ক্ষেত্ৰত ডা০ প্ৰদীপ ৰাজবংশী তথা স্বাস্থ্যকৰ্মীসকলৰ এই ক্ষিপ্ৰ ব্যৱস্থাক আন্তৰিক প্ৰশংসা কৰে।













Leave a Reply