Advertisement

ব্লেক পেন্থাৰৰ বিৰল দৃশ্য চাবলৈ মানাহলৈ সোঁত বৈছে দেশ-বিদেশৰ পৰ্যটকৰ

বিশেষ প্ৰতিবেদনঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এটা বিশেষ বন্যপ্ৰাণী পৰিয়ালে শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটন ক্ষেত্ৰখনৰ সমগ্ৰ দৃশ্যপটেই সলনি কৰি দিয়া পৰিলক্ষিত হৈছে। এজনী মাক আৰু দুটা পোৱালি— এই তিনিটা ব্লেক পেন্থাৰে সমগ্ৰ বিশ্বতে মানাহক যেন নতুন ৰূপত পৰিচয় কৰাই দিছে। চৰকাৰ, পৰ্যটন বিভাগ আৰু বন বিভাগে দীৰ্ঘদিন ধৰি কৰিব নোৱৰা কাম যেন মাত্ৰ দুমাহৰ ভিতৰতে সম্ভৱ কৰি তুলিলে এই ব্লেক পেন্থাৰ পৰিয়ালটোৱে। মানাহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে পৰ্যাপ্ত ধন ব্যয় কৰি আহিছে যদিও, ইমানদিনে নোপোৱা ব্যাপক আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তা এই ব্লেক পেন্থাৰ তিনিটাই অনায়াসে সম্ভৱ কৰি তুলিছে।

যোৱা এপ্ৰিল মাহত ব্লেক পেন্থাৰ কেইটা প্ৰথম দেখা পোৱাৰ পিছৰে পৰা মানাহলৈ পৰ্যটক, বিশেষকৈ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰসকলৰ আগমন ইমানেই বাঢ়িছে যে সেয়া কল্পনাৰো অগোচৰ আছিল। পূৰ্বতে এটা সম্পূৰ্ণ বছৰতো যিমান ফটোগ্ৰাফাৰ মানাহলৈ অহা নাছিল, এইবাৰ এইকেইদিনতে তাতকৈ বহু গুণ অধিক ফটোগ্ৰাফাৰে ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ কৰিছে। দেশৰ আগশাৰীৰ ফটোগ্ৰাফাৰ আৰ্জু খুৰানা, অনুৰূপা দে, ধৃতিমান মুখাৰ্জীৰ পৰা আৰম্ভ কৰি সুদূৰ ডুবাইৰ থমাছলৈকে সকলোৱে এতিয়া মানাহৰ বুকুলৈ ঢপলিয়াই আহিছে। ব্লেক পেন্থাৰ বিশ্বৰ অন্যান্য অৰণ্যতো পোৱা যায় যদিও মানাহৰ দৃশ্যটো হৈছে সম্পূৰ্ণৰূপে বিৰল। ইয়াত দুটাকৈ পোৱালিৰ সৈতে মাকজনীক দেখা পোৱা গৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা ফাটেমাবাগ চাহ বাগিচাৰ মাজলৈ পোৱালি লৈ মাকজনী সোমাই যায় আৰু তাত থকা গছবোৰত মাকজনীয়ে পোৱালিকেইটাক প্ৰশিক্ষণ দিয়ে। এই বিৰল দৃশ্য প্ৰত্যক্ষ কৰিবলৈ এতিয়া মানাহত ফটোগ্ৰাফাৰৰ লগতে সাধাৰণ পৰ্যটকৰো ভিৰ ক্ৰমাৎ বাঢ়িছে।

এপ্ৰিল মাহৰ পৰা জুন-জুলাই অৰ্থাৎ বাৰিষা কালছোৱাত পৰ্যটন বজাৰ সাধাৰণতে নিম্নগামী হৈ পৰে। কিন্তু ব্লেক পেন্থাৰৰ বাবে এইবাৰ মানাহত ওলোটা ছবিহে দেখা গৈছে, অৰ্থাৎ এই সময়ছোৱাত পৰ্যটক বাঢ়িছেহে। স্থানীয় টুৰিষ্ট গাইড বিকু বিশ্বকৰ্মাই জনোৱা মতে, পূৰ্বৰ বছৰবোৰত এই সময়ত তেওঁলোকে কাম সামৰিবলৈ যো-জা চলাইছিল, কিন্তু এইবাৰ ব্লেক পেন্থাৰে তেওঁলোকক দুগুণ ব্যস্ত কৰি তুলিছে। কাৰণ দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা এই সময়ত ব্লেক পেন্থাৰ চাবলৈ অহা পৰ্যটকৰ অভাৱনীয় ভিৰ হৈছে। ছিজনৰ শেষৰ ফাললৈ তেওঁলোকৰ কাম বঢ়াৰ লগতে আয়ো দুগুণ বৃদ্ধি পাইছে। একেদৰে মানাহৰ ‘দ্য ছিখিৰি ক’টেজ ৰিজ’ৰ্ট’ৰ স্বত্বাধিকাৰী শক্তি সিং শ্বেখাৱটে জনোৱা অনুসৰি, সাধাৰণতে এইখিনি সময়ত ৰিজ’ৰ্টত বুকিঙৰ সংখ্যা বহুত কমি আহে। কিন্তু এইবাৰ পৰ্যটকৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত স্থানীয়ভাৱে উপাৰ্জনো যথেষ্ট বাঢ়িছে।

এই সমগ্ৰ সফলতা আৰু ব্লেক পেন্থাৰ ওলাই অহাৰ আঁৰত আছে বন বিভাগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মানাহৰ বাঁশবাৰী বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে জানিবলৈ দিয়া অনুসৰি, বিগত ফেব্ৰুৱাৰী মাহত তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এটা কথা লক্ষ্য কৰিছিল। মানাহৰ বিছপানীৰ পৰা শালবাগান হৈ কাটাঝাৰ বন শিবিৰলৈ যোৱা পথটোত সাধাৰণ লোকে মটৰ চাইকেল, গাড়ী আদি লৈ এনেই ঘূৰি ফুৰিছিল। যিহেতু এই পথটো মানাহৰ সীমাতে লাগি আছিল, সেয়ে উদ্যানৰ ভিতৰলৈ নোযোৱাকৈয়ে মানুহে বাহিৰৰ পৰা সৌন্দৰ্য উপভোগৰ চেষ্টা চলাইছিল আৰু ফলত তাত বহুত ভিৰ হৈছিল। মানুহৰ এই সমাগমৰ বাবে জীৱ-জন্তুবোৰ শংকিত হৈ পৰিছিল আৰু সেই দিশলৈ ওলাই আহিবলৈ ভয় কৰিছিল। ব্লেক পেন্থাৰ সাধাৰণতে জংঘলৰ পৰা ওলাই নাহে। বন বিষয়াগৰাকীয়ে কথাটো উপলব্ধি কৰি উক্ত পথটো সাধাৰণ লোকৰ বাবে বন্ধ কৰি দিয়ে। কেৱল দাঁতি-কাষৰীয়া বাসিন্দা আৰু অঞ্চলটোৰ ৰিজ’ৰ্টলৈ যোৱা লোককহে অনুমতি সাপেক্ষে পথটোৰে অহা-যোৱা কৰিবলৈ দিয়ে।

এই পদক্ষেপৰ ফলত পথটোত মানুহৰ ভিৰ হ্ৰাস পায় আৰু পৰিৱেশটো জীৱ-জন্তুৰ বাবে অনুকূল হৈ পৰে। যেতিয়াই পথটোত মানুহৰ সমাগম কমি গ’ল, ব্লেক পেন্থাৰে ওলাবলৈ সাহস কৰিলে। ওলাই আহি কাষৰীয়া ফাটেমাবাদ চাহ বাগানলৈ গৈ তাত থকা গছবোৰত ব্লেক পেন্থাৰে পোৱালিকেইটাক প্ৰশিক্ষণ দিয়ে আৰু সেয়া হৈ পৰে এক বিৰল দৃশ্য। প্ৰাঞ্জল তালুকদাৰে পথটো বন্ধ কৰি নিদিয়া হ’লে, মানুহৰ ভয়ত হয়তো ব্লেক পেন্থাৰ কেতিয়াও নোলালহেঁতেন বুলিও স্থানীয় লোকসকলৰ মাজত চৰ্চা চলা দেখা গৈছে। জানিব পৰা মতে, বৰ্তমান মানাহৰ বিছপানীৰ পৰা কাটাঝাৰ বন শিবিৰলৈ যোৱা পথত পেট্ৰলিং ব্যৱস্থা দুগুণ কৰা হৈছে। বন বিভাগৰ এনে পৰিকল্পিত পদক্ষেপৰ বাবে চলিত এপ্ৰিল-জুন মাহৰ ভিতৰতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আয় ৩০ শতাংশ বৃদ্ধি পোৱা দেখা গৈছে। ব্লেক পেন্থাৰে মানাহক বিশ্ব দৰবাৰত পুনৰবাৰ নতুন ৰূপত উজলাই তোলা কাৰ্যত এতিয়া স্বাভাৱিকতে স্থানীয় ৰাইজ, মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বিটিচি কৰ্তৃপক্ষ উৎফুল্লিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *