নিউজ ডেস্কঃ কংগ্ৰেছক ৰাজহুৱাভাৱে কৰা তীব্ৰ সমালোচনাৰ বাবেই দল দুটাৰ মাজৰ মিত্ৰতা ভাঙি পৰাৰ কেইদিনমানৰ পাছতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই। এক বিবৃতিৰ জৰিয়তে তেওঁ গগৈৰ সাম্প্ৰতিক ৰাজনৈতিক ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে।
বিবৃতিত ড° গোহাঁয়ে কয় যে বহু চিন্তা-চৰ্চাৰ পাছত তেওঁ অখিল গগৈৰ বৰ্তমানৰ ৰাজনৈতিক ভূমিকা সন্দৰ্ভত নিজৰ মূল্যায়ন ৰাজহুৱা কৰিবলৈ বাধ্য হৈছে। ৰাইজৰ দলত বহু সৎ আৰু নিষ্ঠাবান কৰ্মী থকাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে অতীতে তেওঁ নিজেও বহু বিষয়ত গগৈক সমৰ্থন জনোৱাৰ লগতে সময়বিশেষে সমালোচনাও কৰি আহিছে। কিন্তু বৰ্তমান গগৈৰ সমগ্ৰ আচৰণ আৰু কাৰ্যকলাপৰ এক সামগ্ৰিক মূল্যায়নৰ সময় আহি পৰিছে।
ড° গোহাঁইৰ মতে, যিকোনো উপায়েৰে নিজকে প্ৰতিষ্ঠা কৰা আৰু ওপৰলৈ লৈ যোৱাটোৱেই হৈছে অখিল গগৈৰ মূল লক্ষ্য, যাৰ কোনো উৰ্ধ্বসীমা নাই। তেওঁ অভিযোগ কৰে যে এই লক্ষ্যত উপনীত হোৱাৰ পথত কোনো আদৰ্শ, বন্ধুত্ব, পাৰস্পৰিক বুজাপৰা বা চুক্তি বাধা হৈ পৰিলে গগৈয়ে সেইবোৰ অনায়াসে জলাঞ্জলি দিব পাৰে। গগৈৰ এই প্ৰৱণতাক ড° গোহাঁয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিপজ্জনক ৰাজনৈতিক উত্থানৰ সৈতে তুলনা কৰে।
ড° গোহাঁয়ে আঙুলিয়াই দিয়ে যে বিগত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ সৈতে আসন বুজাপৰা কৰাৰ বাবে গগৈ অত্যন্ত সক্ৰিয় হৈ পৰিছিল। কিন্তু তেওঁৰ প্ৰকৃত লক্ষ্য আছিল ৰাইজৰ দলৰ জনভিত্তি বা প্ৰকৃত জনসমৰ্থনৰ তুলনাত অস্বাভাৱিকভাৱে অধিক বিধানসভাৰ আসন আদায় কৰা। যুক্তিপূৰ্ণ কাৰণত কংগ্ৰেছে যেতিয়া এই দাবীত সন্মতি নজনালে, তেতিয়া গগৈয়ে ৰাজহুৱাভাৱে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি কংগ্ৰেছৰ ভাবমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা চলালে। ইয়াৰ ফলত মিত্ৰতাৰ আলোচনা ফলপ্ৰসূ হোৱাৰ পৰিৱৰ্তে কেৱল কংগ্ৰেছৰহে ভাবমূৰ্তিৰ যথেষ্ট ক্ষতি হ’ল।
প্ৰবীণ চিন্তাবিদগৰাকীয়ে লগতে কয় যে যথেষ্ট সক্ৰিয় হোৱা সত্ত্বেও গগৈয়ে নিজৰ কাৰ্যকলাপৰ পৰিণতিৰ বিষয়ে কোনো ধৰণৰ চিন্তা নকৰে; বৰঞ্চ তেওঁ সম্পূৰ্ণৰূপে নিজৰ ইচ্ছা, উচ্চাকাংক্ষা আৰু খামখেয়ালিৰ দ্বাৰাহে পৰিচালিত হয়। আন কোনো দল, ব্যক্তি বা অনুষ্ঠানৰ সৈতে কৰা কোনো বুজাপৰা বা প্ৰতিশ্ৰুতিৰ গগৈৰ ওচৰত কোনো বাস্তৱিক মূল্য নাই। তেওঁ সহযোগীবোৰক বিভ্ৰান্ত আৰু অসন্তুষ্ট কৰি এৰি শেষত নিজকে দায়বদ্ধতাহীন বা মুক্ত বিহংগ হিচাপে ঘোষণা কৰি আঁতৰি যায়। ড° গোহাঁইৰ ভাষাত—জৱাবদিহিতা বা দায়িত্ববোধ অখিল গগৈৰ স্বভাৱৰ সম্পূৰ্ণ পৰিপন্থী।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত অখিল গগৈৰ সঘনাই সলনি হৈ থকা স্থিতিৰ বিষয়েও আলোকপাত কৰি ড° গোহাঁয়ে কয় যে কেতিয়াবা মুখ্যমন্ত্ৰীক আকাশলংঘী প্ৰশংসা কৰা আৰু কেতিয়াবা অতি কঠোৰ ভাষাৰে সমালোচনা কৰা গগৈয়ে বৰ্তমান মুখ্যমন্ত্ৰীক মুকলিকৈ প্ৰশংসা কৰাতহে আত্মনিয়োগ কৰা দেখা গৈছে। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ কি স্থিতি গ্ৰহণ কৰিব, সেয়া হয়তো কেৱল গগৈয়েহে জানে।
ড° গোহাঁয়ে আৰু কয় যে ভৱিষ্যতে অখিল গগৈৰ পৰা কি আশা কৰিব পাৰি, সেই বিষয়ে ৰাইজে নিজেই সিদ্ধান্ত ল’ব। কিন্তু এই ৰাজনৈতিক ‘খেল’ যে নিৰন্তৰ চলি থাকিব, তাত কোনো সন্দেহ নাই।













Leave a Reply