Advertisement

দিল্লীত ১৮তম ব্ৰিকছ সন্মিলনৰ শুভাৰম্ভ: গোলকীয় প্ৰশাসন সংস্কাৰৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

নতুন দিল্লীঃ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰে ১৮তম ব্ৰিকছ সন্মিলনৰ শুভাৰম্ভ ঘটিছে। বিগত দুটা দশকত ব্ৰিকছে লাভ কৰা সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া সংগঠনটোৰ একতা আৰু সহমতক বিশ্বমঞ্চত বাস্তৱিক ফলাফললৈ ৰূপান্তৰ কৰাৰ সময় আহি পৰিছে। ২০ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰা এই ঐতিহাসিক সন্মিলনখনত তেওঁ পৰৱৰ্তী ২০ বছৰৰ বাবে এক সুদূৰপ্ৰসাৰী কাৰ্যসূচী যুগুত কৰাৰ লগতে গোলকীয় প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

ভাৰতৰ অধ্যক্ষতাত সহনশীলতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে ব্ৰিকছক কেৱল চৰকাৰৰ মাজতে আৱদ্ধ নাৰাখি সাধাৰণ জনতাৰ সৈতেও সংযোগ কৰাৰ প্ৰয়াস কৰা হৈছে। যাৰ অংশস্বৰূপে ৩০খন চহৰত ৩৫০তকৈও অধিক বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ উপৰিও অধ্যক্ষতা প্ৰতি বছৰে সলনি হ’লেও যাতে সংগঠনটোৰ কাৰ্যপন্থা আৰু সিদ্ধান্তসমূহত ধাৰাবাহিকতা অক্ষুণ্ণ থাকে, তাৰ বাবে এক শক্তিশালী প্ৰাতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা তেওঁ দোহাৰে।

গোলকীয় প্ৰশাসন প্ৰণালীৰ পৰিৱৰ্তনৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমানৰ ব্যৱস্থাটো এটা পিৰামিডৰ দৰে, য’ত ক্ষমতা শীৰ্ষৰ মাত্ৰ কেইখনমান দেশৰ হাতত কেন্দ্ৰীভূত হৈ আছে। ফলস্বৰূপে পিৰামিডৰ তলৰ অংশত থকা প্ৰভাৱিত দেশসমূহে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত উপযুক্ত প্ৰতিনিধিত্ব নাপায়। সেয়েহে, সকলো ৰাষ্ট্ৰৰ মতামতৰ উচিত মূল্যায়ন হোৱাকৈ এক ন্যায্য আৰু সুষম বিশ্ব ব্যৱস্থা গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *